Tuesday, January 22, 2013

অসমীয়া আৰু বাংলা ভাষাৰ মাজৰ সম্পৰ্ক


Relationship between Assamese and Bengali Language



অসমীয়া ভাষা হৈছে পূৰ্বভাৰতীয়-আৰ্য ভাষা৷এই ভাষা প্ৰধানকৈ উত্তৰ-পূব ভাৰতৰ অসমত কোৱা হয়৷ অসমৰ ৰাজ্যিক ভাষা হল অসমীয়া৷ অসমৰ বাহিৰেও পূৰ্বোত্তৰৰ অন্য ৰাজ্যসমূহতো অসমীয়া ভাষা ব্যৱহাৰ কৰা দেখা যায়যেনে-অৰুণাচলপ্ৰদেশ, মেঘালয় ,নাগালেণ্ডতাৰোপৰি দাঁতিকাষৰীয়া ভূটান, বাংলাদেশ আৰু ম্যানমাৰদৰে দেশতো অসমীয়া ভাষা ব্যৱহৃত হয় নাগালেণ্ডত অসমীয়া মিশ্ৰিত নাগামীজ ভাষা কোৱা হয়৷অসমীয়া ভাষাৰ এক সমৃদ্ধ সাহিত্য আৰু সংস্কৃতি আছে৷ গোটেই বিশ্বজুৰি কমেও তিনি কোটি মানুহে এই ভাষা ব্যৱ্হাৰ কৰে৷

বাংলা ভাষাও এটা সমৃদ্ধ ভাষা1836 চনৰ পৰা 1882 চনলৈ অসমৰ ৰাজ্যিক ভাষা বাংলা আছিল৷ বৰ্তমান বাংলাভাষা পশ্চিমবংগ, ত্ৰিপুৰা আৰু বাংলাদেশৰ মুখ্য ভাষা বিশ্বতপ্ৰায় 20 কোটি মানুহে এই ভাষা ব্যৱ্হাৰ কৰে৷ বিশ্বৰ কথিত ভাষাসমূহৰ ভিতৰত ইয়াৰ স্থান পঞ্চম৷ ভাৰতত ইয়াৰ স্থান দ্বিতীয়৷

ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ যত বিভিন্ন ভাষা, বিভিন্ন জাতি আৰু বিভিন্ন ধৰ্মৰ লোক বাস কৰে৷ এই ভাষাবোৰ বিভিন্ন ভাষা-গোষ্ঠীৰ অন্তৰ্গতভাৰতত পাঁচ প্ৰকাৰৰ ভাষা-গোষ্ঠী আছে সেইবোৰ হল আৰ্য্য, দ্ৰাবিড় অষ্ট্ৰ-এছিয়াটিক আৰু চীন-তিব্বতীয় ভাষা গোষ্ঠীআৰ্য্য ভাষা ভাৰতপ্ৰচলিত সকলোতকৈ ডাঙৰ ভাষা গোষ্ঠী এই ভাষাৰ অন্তৰ্গত ভাষাবোৰ হল-হিন্দী, অসমীয়া, বাংলা, মাৰাঠী, গুজৰাটি, পাঞ্জাৱী, উড়িয়া, উৰ্দু, নেপালী আদি দ্বিতীয়তে, দ্ৰাবিড় ভাষাগোষ্ঠী এই ভাষা বিশেষকৈ দক্ষিণ ভাৰতত ব্যৱ্হাৰ কৰা হয়৷ইয়াৰ অন্তৰ্গত ভাষাবোৰ হল-তামিল, তেলেগু, মালায়ালম, কানাড়া আদি৷ সিংহলী, কুৰমালি, চাৱৰা আদি অষ্ট্ৰ-এছিয়াটিক ভাষাগোষ্ঠীঅন্তৰ্গত৷ মূখ্যৰূপে এই ভাষা ঝাৰখণ্ড,ৰিষ্যা, পশ্চিম-বংগআৰু অসমৰ কোনো কোনো স্থানত ব্যৱহাৰ কৰা হয়৷চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত ভাষাবোৰ হল- নগা, মিজো, মণিপুৰি, খাছী, দফলা, তাংগখূল, আও আদিএই ভাষা বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত কোৱা হয়৷ভাৰতত চীন-তিব্বতীয় ভাষা গোষ্ঠীয়েই সকলোতকৈ সৰু ভাষা গোষ্ঠী৷ইয়াৰোপৰি ভাৰতত ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীৰো প্ৰচলন আছিল বৰ্তমান ভাৰতত প্ৰচলিত ভাষাসমূহৰ ভিতৰত কেৱল অসমীয়া ভাষাতহে এই ভাষাগোষ্ঠীৰ অনূদান দেখা যায়৷

উপৰোক্ত চৰ্চাৰ পৰা দেখা যায় যে অসমীয়া আৰু বাংলা এই দুয়োটা একে ভাষা গোষ্ঠীৰ সদস্য গতিকে এই দুয়োটা ভাষাৰ মাজত বহুতো মিল আছে৷ এই দুয়োটা ভাষা সংস্কৃত ভাষাৰ পৰা সমান্তৰালভাৱে উত্পত্তি হৈছে৷ এই দুয়োটা ভাষাৰ বৰ্ণসংখ্যা প্ৰায় সমান৷ এই দুয়োটা ভাষাৰ বৰ্ণবোৰ দেখাতো প্ৰায় একে৷ কেৱ্ল অসমীয়া ভাষাৰ বৰ্ণ বাংলা ভাষাত বেলেগ ধৰণে লিখা হয়৷ ইয়াৰ উপৰিও অসমীয়া ভাষাৰ 'বাংলাত নাইএই দুয়োটা ভাষা সংস্কৃতৰ পৰা উত্পত্তি হলেও ইয়াৰ শব্দসমূহৰ অৰ্থ সম্পূৰ্ণ বেলেগ হয়উদাহৰণস্বৰূপে অসমীয়া শব্দ যেনে-জুইআৰু পানী৷ বাংলাত এই দুটা শব্দৰ অৰ্থ হল-আগুন আৰু জল৷ অসমীয়া আৰু বাংলা ভাষাৰ ব্যাকৰণতো ব্যতিক্ৰম দেখা যায়তাৰোপৰি অসমীয়া ভাষাত নকাৰাত্মকবোধৰ বাবে বিভিন্ন ধাতুৰ প্ৰয়োগ কৰা হয়৷কিন্তু বাংলা ভাষাত নকাৰাত্মক কোনো ধাতুৰ প্ৰয়োগ নহয় অসমীয়া ভাষাত নিশ্চিয়তা বুজাবলৈ টো, জন, জনী, ডাল, খন, জোপা আদি প্ৰত্যয় প্ৰয়োগ কৰা হয় কিন্তু বাংলা ভাষাত ইয়াৰ কোনো সমতুল্য প্ৰত্যয় পোৱা নাযায়৷ অসমীয়া ভাষাৰ উচ্চাৰণ বাংলা ভাষাতকৈ ভিন্ন হয় অসমীয়া ভাষাৰ স্বৰবৰ্ণৰ উচ্চাৰণ বাংলা ভাষাৰ উচ্চাৰণতকৈ ভিন্ন হয়

অসমীয়া আৰু বাংলা দুয়োটা ভাষাৰেই বৃহত্ সাহিত্য ভাণ্ডাৰ আছে৷ আজি আমি অনুবাদৰ মাধ্যমেৰে এই দুয়োটা ভাষাৰ সাহিত্যক জানিব পাৰিছো৷ সেয়েহে অনুবাদক আমি সেতু আখ্যা দিব পাৰো৷

অসমৰ সাহিত্য-সংস্কৃতিত মিশ্ৰিত ভাৱধাৰা দেখা যায় ইয়াৰ প্ৰভাৱ ভাষাৰ ক্ষেত্ৰতো দেখা যায় অসমীয়া ভাষাত বাংলা ভাষাৰ শব্দ আৰু বাংলা ভাষাত অসমীয়া ভাষাৰ বিভিন্ন শব্দৰ প্ৰয়োগ দেখা যায় ইয়াৰ কাৰণ হৈছে এই দুয়োটা একে ভাষাগোষ্ঠীৰ অংগ
শেষত, বিভিন্ন ভাষাৰ মাজত যিমানেই পাৰ্থক্য নাথাকক কিয় ভাষাৰ উদ্দেশ্য হল শুদ্ধভাৱে আৰু সহজভাৱে কৰা সম্ভাষণ অসমীয়া আৰু বাংলা দুয়োটা ভাষায়েই সহজ আৰু সৰল যাৰ কাৰণে ইয়াক সহজে বুজিব পাৰি৷ তাৰোপৰি এই দুয়োটা ভাষা একেবাৰে নিকট সম্পৰ্কীয় ভাষানিজৰ-নিজৰ স্থানত অসমীয়া আৰু বাংলা দুয়োটা ভাষাই বিশেষ আসন দখল কৰিছে৷

বৰ্তমান সোম্যা ট্ৰান্সলেটৰ প্ৰাইভেট লিমিটেডত(দিল্লী)কোম্পানীত অসমীয়া ভাষাৰ পৰিযোজনা সমন্বয়ক ৰূপে কাৰ্য্যৰত অসমীয়া ভাষাত অনুবাদ, লেখন, সম্পাদন, সমীক্ষা আদি কাৰ্য্য কৰে।                                             

No comments:

Post a Comment