Friday, April 4, 2014

অনুবাদৰ মূল্যবোধ আৰু নীতি



এই যুগত, সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াই এটা ক্ৰিয়াৰ পৰিকল্পনাত প্ৰধান ভুমিকা পালন কৰে। এই পৰিকল্পনাই এটা অনুমোদিত আচৰণবিধিৰ সৈতে কোনো ব্যক্তিগত নিয়োগ বা তেওঁলোকক বৰ্খাস্ত কৰিবলৈ নিৰ্দেশিত কৰে। অনুবাদৰ গুণমান সমস্যা বা সময়সীমাৰ বিফলতা, আভ্যন্তৰীণ কন্দল, ধনৰ অপচয় আৰু আগ্ৰহৰ অভাৱৰ দৰে কৰ্মস্থানৰ সমস্যাসমূহ পৰিস্থিতি সাপেক্ষে আঁতৰাবলৈ উল্লেখযোগ্য প্ৰয়াস বিগত বছৰত কৰা হৈছিল। প্ৰত্যেক কৰ্মচাৰী আৰু উচ্চপদাধিকাৰী সকল নিজ বিবেচনা, সততা আৰু শ্ৰদ্ধাৰে কোনো সংঘাতৰ সমাধান কৰিবলৈ বহুলভাৱে উত্সাহিত কৰা হয়।

পৰিচালনাৰ মূল্যবোধ আৰু নীতিৰ ওপৰত ভিত্তি কৰি অনুমোদিত শব্দকোষত থকা পৰিভাষাৰ ব্যৱহাৰৰ কিছুমান উদাহৰণ দিয়া হৈছে; এনে অৱস্থাৰ সমাধান পাবৰ বাবে এইবোৰ প্ৰকাশ আৰু বিচাৰ কৰিবলৈ পৰ্যাপ্ত জ্ঞান থকা অনুমোদিত ভাষাবিদে তৈয়াৰ কৰা শব্দকোষৰ পৰা প্ৰস্তুত কৰা হয়।

আমি কোনো বিচাৰ নকৰাকৈ, আৰু এজন ভাষাবিদ ৰূপে আমাৰ গ্ৰাহকৰ সৈতে এটা আন্তঃসাংস্কৃতিক যোগাযোগ গঠন কৰা উচিত, আমি এটা পাঠ বাচনি কৰা বিষয়ত সম্পূৰ্ণ পেশাদাৰিভাৱে বিবেচনা কৰোঁ। এইয়া আমাৰ সাম্ভাব্য গ্ৰাহক আৰু প্ৰাপ্তকৰ্তা দুয়োলৈকে আমাৰ কৰ্তব্য। ব্যক্তিগতভাৱে আমি কোনো সমস্যা পৰিচালনা কৰিবলৈ কিছুমান নৈতিক নীতি আৰু স্বাধীন মতামত পচন্দ কৰোঁ বা সৃষ্টি কৰোঁ।

অনুবাদৰ অংশ ৰূপে, শব্দকোষ, ষ্টাইল গাইড, টুলকিট ইত্যাদি সঁজুলিসমূহ আৰু অন্য সহায়ক সামগ্ৰীৰে কোনো নথিপত্ৰৰ স্থানীয়কৰণ কৰিবলৈ যিকোনো অনুবাদকৰ বাবে এটা প্ৰক্ৰিয়া সৃষ্টি কৰে। পৰিস্থিতি সাপেক্ষে এটা সুবিধাজনক আৰু উত্তম পথ গ্ৰহণ কৰিবলৈ আপুনি কি সিদ্ধান্ত গ্ৰহণ কৰিব সেইটো আপোনাৰেই দ্বায়িত্ব। অনুবাদৰ সকলো ক্ষেত্ৰ বা ড’মেইনৰ বাবে কিছুমান বিশেষ নিয়ম বা মান তৈয়াৰ কৰাটো প্ৰয়োজনীয়, যিটোৰ জৰিয়তে আপুনি এজন অনুবাদকৰ অনুবাদৰ গুণমান নিশ্চিত কৰিব পাৰে। কিন্তু বৰ্তমান পৰিস্থিতিত, অনুবাদৰ নীতি আৰু মূল্যবোধ অনুসৰণ কৰি স্থানীয়কৰণৰ ক্ষেত্ৰখনত অব্যাহত ৰখাটোও বৰ কঠিন। ইয়াত আমি গুণমানৰ মান্যতাৰ প্ৰতিশ্ৰুতি, গোপনীয়তা আৰু অন্য অনুবাদ ব্যৱসায় সম্পৰ্কীয় সমস্যা বিষয়ে মূল্যবোধৰ কোনো বাধ্যতামূলক নিয়ম প্ৰয়োগ কৰা নাই। কিন্তু প্ৰত্যেক অনুবাদ উদ্যোগৰ বাবে ইয়াৰ অনুবাদক বা ভাষাবিদে গ্ৰহণ কৰা মূল্যবোধৰ সিদ্ধান্ত অব্যাহত ৰখাটো আৱশ্যকীয়।


জীৱিকাৰ ক্ষেত্ৰত অনুবাদৰ মূল্য কি সেইটো নিশ্চিত কৰাটো কঠিন। আমাৰ মূল্যবোধ আমাৰ ব্যক্তিত্বৰ অংশ হোৱা উচিত, আৰু এই মূল্যবোধ আমাৰ দেশ বা অঞ্চলৰ সংস্কৃতিৰ পৰা আহৰণ কৰা হয়। এই মূল্যবোধে আমাৰ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহায়ক হ’ব পাৰেনে?


আধুনিক অনুবাদৰ বাবে পাৰিশ্ৰমিক আৰু মৰ্য্যাদাৰ দৰে প্ৰধান সমস্যাৰ সন্মুখীন হ’ব পাৰো। অনুবাদৰ ইতিহাসত উল্লেখ আছে যে অনুবাদকক মহান শিল্পী, সংস্কৃতি বিশেষজ্ঞ আৰু মহান আদৰ্শ ৰূপে বিবেচনা কৰা হৈছিল। এটা বিশেষ কাৰ্য্যৰ বাবে সঠিক অনুবাদক বা ভাষাবিদ বাছনি কৰিবলৈ আমি পৰ্যাপ্ত পৰিমাণে সক্ষম হয়নে নহয় বিবেচনা কৰাটো।

ওপৰত উল্লেখিত সমস্যাটোৰ দুটা সমাধান হ’ব পাৰে। প্ৰথমতে, সমগ্ৰ অনুবাদৰ গুণমান উন্নত কৰিবলৈ প্ৰশিক্ষণ বা গৱেষণা; আৰু দ্বিতীয়তে এটা সামাজিক জাগৰণৰ দ্বাৰা সমাজক শুদ্ধ ভাষা প্ৰয়োগৰ বাবে উত্সাহিত কৰিব পাৰি। ইয়াৰ জৰিয়তে ভাষাৰ প্ৰতি সন্মান আৰু অনুবাদকৰ কামৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব।

প্ৰাণজিত কলিতা

No comments:

Post a Comment